Assam E-News Network (ænn)

মুখ্য পৃষ্ঠা

সাময়িকী

# চিন্তনীয়..... (বিষয়: জুবিন-অংগৰাগ) (১৮/১২/১৩)

ණ অম্লানজ্যোতি শইকীয়া

কিয় দিনে দিনে বৃদ্ধি পাইছে জুবিন গার্গ আৰু অংগৰাগ মহন্তৰ অনুৰাগীৰ মাজৰ
সংঘাত? মই কথাটো বুজিব পৰা নাই। এতিয়া যেন জুবিন আৰু অংগৰাগ দুয়োজন দুয়োজনৰে প্ৰতিদ্বন্দি। জুবিন গার্গ আৰু অংগৰাগ মহন্তৰ মনত হয়টো এনেধৰনৰ
প্ৰতিদ্বন্দি মনোভাৱ সৃষ্টি হোৱা নাই। কিন্তু তেওঁলোকৰ অনুৰাগী সকলে দুজনক পৃথক কৰিছে। কিয় হৈছে এনেকুৱা ? দুয়োজন শিল্পীয়েটো অসমীয়া... দুয়োজনেই অসমৰ গৌৰৱ। কিন্তু আমি সেই কথাটো নাভাবি নিজৰ মাজতে সংঘাতৰ সৃষ্টি কৰিছো। জুবিন আৰু অংগৰাগক আমি উদগনি আৰু উৎসাহ দিব লাগে
যাতে তেওঁলোক অসমলৈ আৰু গৌৰৱ কঢ়িয়াই আনক। নভবাকৈ হয়টো তেওঁলোকৰ অনুগামী
সকলৰ এনে পৃথকতাই তেওঁলোকৰ নতুন নতুন সৃষ্টিত বাধা জন্মাব পাৰে।
আপোনালোকে জুবিন-অংগৰাগৰ দৰে অসমত নতুন নতুন শিল্পীৰ জন্ম হোৱাটো নিবিচাৰেনে ? যেতিয়াই একতাত ফাঁট মেলিব তেতিয়াই সকলো শেষ হ'ব, ইয়াৰ উদাহৰণ আমি বুৰঞ্জীৰ পাত লুটিয়ালেই দেখা পাম। জুবিন আৰু অংগৰাগৰ অনুৰাগীৰ মাজত এনেধৰনৰ পৃথকতা বাঢ়ি থাকিলে এদিন ভাই-ভাই মাজত সংঘাতৰ সৃষ্টি হ'ব। আৰু সেই সুযোগ লৈ জনপ্ৰিয় হ'বহি অনা অসমীয়া শিল্পী। মই কথাখিনি নিৰপেক্ষ
ভাৱে লিখিছো। দুয়োজন শিল্পীৰ মাজত সংঘাত হোৱাটো নিবিচাৰো। তেওঁলোকৰ যুগ্ম প্ৰচেষ্টাৰে নতুন সৃষ্টিৰ উত্তৰণ হওঁক, তাৰ বাবে মই গভীৰ আশাবাদী। দ্বিখণ্ডিত হ'বলৈ ধৰা অসমৰ দৰে জুবিন-অংগৰাগৰ অনুৰাগীৰ সংগীতৰ ভূস্বর্গখন পৃথক হ'ব দিব নোৱাৰোঁ। আশাকৰোঁ এই কথাখিনি বিতর্কৰ গৰাহত অর্ন্তভূক্ত
নহয় যেন...

Back to posts
Comments:
[26/12/13] Tapan Das:

Bhupen Hazarika aamar majot thakote Zubeen Garg/Bhupen Hazarika buli bitorko hoisil
aaji tekhe kintu axomiya jatir aadorxo thik teneko Zubeen/Angarag aaji tenekuwa Kintu Zubeen All Rounder singer geetikar surakar musician music & film director ovineta bohut jibor koi samoribo nuwari kintu angarag matra singer atia buji paise sage


Post a comment


80s toys - Atari. I still have