ණ অম্লানজ্যোতি শইকীয়া
অসমীয়া ছবিৰ বাবে সঁচাই বৰ দুখৰ দিন চলি আছে। অসমতে যদি অসমীয়া ছবি প্ৰদর্শণে নহয় তেতিয়া হ'লে কাৰ বাবে ছবি নির্মাতা সকলে ছবি নিমার্ণ কৰিব ? ইফালে পাইৰেচী আৰু এফালে চিনেমা হল বিলাকৰ মালিক পক্ষই প্ৰদর্শণ নকৰায় অসমীয়া ছবি। এনে প্ৰেক্ষাপটত কেইবাজনো জনপ্ৰিয় ছবি নির্মাতাই অসমীয়া ছবি
নির্মাণ নকৰো বুলি সংবাদ মাধ্যমৰ ওচৰত প্ৰকাশ কৰিছে। এনে দূদর্শা চলি
থাকিলে এদিন অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰি বিলাকৰ মৃত্যু হ'ব আৰু অসমীয়া ছবি এখন চাবলৈ দর্শক সকলে ভাগ্যক ধিয়াই হাহাকাৰ কৰিব ফুৰিব লাগিব। অসমীয়া ছবি হৈ পৰিব দূলর্ভ সামগ্ৰী। বহু চিনেমা হল মালিকপক্ষৰ ভাষ্যৰ পৰা গম পোৱা গৈছে যে এখন হিন্দী বা ইংৰাজী ছবি প্ৰদর্শণ কৰিলে দর্শকৰ লানি নিচিগা ভিৰ হয় কিন্তু এখন অসমীয়া ছবি প্ৰদর্শণ কৰিলে ছবিখন উপভোগ কৰিবলৈ অহা দর্শকৰ সংখ্যা তেনেই তাকৰ। এইখিনিতে মই এটা প্ৰশ্ন কৰিব খোজো যে আমি অসমীয়া সকল পশ্চিমীয়া সংস্কৃতিৰ ফালে বেছি ঢাল খাইছো নেকি বাৰু? ইংৰাজী ছবি হিন্দী ছবি এখন চালেই মানুহ আধুনিক হোৱাটো নুবুজায়। যিয়ে নিজৰ সংস্কৃতি পাহৰি যায় তেওঁলোকে কেতিয়াও নিজৰ জাতিটোক ভাল পাবলৈ নিশিকে। মই ইংৰাজী বা হিন্দী ছবি চাবলৈ মানা কৰিব খোজা নাই। তেওঁলোকে যেনেকৈ ইংৰাজী বা হিন্দী ছবিখন আদৰি লৈছে ঠিক তেনেকৈ অসমীয়া ছবিখনো আদৰি ল'ব নোৱাৰেনে? বহুতো অসমীয়া ছবিৰ দর্শকৰ ভাষ্য এয়া যে অসমীয়া ছবি বিলাকৰ উপস্থাপন ভাল নহয় বাবে তেওঁলোকে অসমীয়া ছবি নাচায়। সম্ভৱতঃ অসমীয়া ছবি নচলা এইটোও এটা কাৰণ হ'ব পাৰে। গতিকে ছবি নির্মাতা সকলে এনে বিলাক দিশত গুৰুত্ব দি ছবিখন দর্শকৰ মনোগ্ৰাহীকৈ প্ৰস্তুত কৰক, তেতিয়া নিশ্চয়কৈ অসমীয়া ছবিৰো ভাল দিন আহিব। অসমৰ চুকে কোণে থকা মৃত্যপ্ৰায় চিনেমা হল বিলাক সক্ৰিয় কৰক আৰু অসমৰ বিভিন্ন ঠাইত চিনেমা হলৰ সংখ্যা বঢ়াওক। তেতিয়া নিশ্চয়কৈ অসমীয়া ছবিৰ বেয়া দিন খুউব শুনকালেই ভাল দিনলৈ গতি কৰিব। দর্শকসকলে যেনেকৈ ইংৰাজী বা হিন্দী ছবি এখন আদৰি লৈছে ঠিক তেনেকৈ অসমীয়া ছবি বিলাকো আদৰি লওঁক।
অসমীয়াত এষাৰ কথা আছে ''ৰাইজে নখ জোকাৰিলে নৈ বয়''।
a2z