Ring ring
Assam E-News Network (ænn)

মুখ্য পৃষ্ঠা

সাময়িকী

# ভোগালী বিহু বিতর্ক (২৪/১২/১৩)

ණ অম্লানজ্যোতি শইকীয়া

কাতি বিহুৰ পিছতে আহে মাঘ বিহু বা ভোগালী বিহু, এই সময়ত পথাৰৰ শস্য চপোৱা শেষ হয়। নতুন ফচলেৰে দুখীয়া মানুহৰো অভাৱ আঁতৰে। খেতি চপোৱাৰ পিছত মানুহে
জিৰণি পায়।সেয়েহে বিহু হয় ভোগালি। অফুৰন্ত আজৰিৰ কাৰনে এই বিহু খুব উলহ মালহেৰে পালন কৰা হয়। ভোগালি বিহুত পিছে আজিকালিৰ চেঙেলীয়া ডেকাহঁতে এটা
অশোভন কামো প্ৰায়ে কৰে । দেখা যায়, মেজিত কেতিয়াবা চুৰ কৰি লোকৰ ঘৰৰ চকী
মেজ টাটি চকোৱা আদিও আনি জাপি দিয়ে। এয়া কেতিয়াও বিহুৰ বৈশিষ্ট্য হ'ব নোৱাৰে। এইবোৰ বেয়া কাম কৰি বিহুৰ ঐতিহ্য গাম্ভীর্য আৰু পৱিত্ৰতা নষ্ট কৰা উচিত নহয়। দেখা যায়, আজিকালি উঠি অহা যুৱ প্ৰজন্মই এই বিহুক চুৰ কৰা বিহু বুলি অভিহিত কৰে। এয়া অসমীয়া জাতিৰ বাবে এক দুখৰ বিষয় বিহুৱে সকলো
জনজাতিৰ মাজত ঐক্যৰ ভাৱ অটুট ৰাখে কিন্ত বিহুৰ এই নতুন নামাকৰণে বিভেদৰহে
সৃষ্টি কৰা দেখা গৈছে। আৰু ভোগালি বিহুক লৈ প্ৰায়ে বিতর্ক হৈ থকা দেখা
পোৱা যায়। আমি বিহুৰ পৱিত্ৰতা নষ্ট কৰা উচিত নহয়। বিহু হ'ল অসমীয়া
সংস্কৃতিৰ ৰাজহাড় স্বৰুপ।

Back to posts
Comments:
[26/12/13] Tapan Das:

Sur kora bihu proxonga to Kamrup jilat Laxmi pujar dina he hoi
maghor bihut urukar dina barir ber aadi kisuna aani jolowa hoi...


Post a comment